এন আৰ চি সম্পূৰ্ণ খচৰা 20১৮ Or NRC Claim | Objection | Correction Form

NRC এন আৰ চি সম্পূৰ্ণ খচৰা 20১৮ – অহা ৩০ জুলাই তাৰিখে NRC ৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। তাৰ পিচতেই দাবী(claim ) আৰু আপত্তি ( objection)ৰ পৰ্যায় আৰম্ভ হব। দাবী আৰু আপত্তিৰ বাবে ৩০ দিনৰ সময় দিয়াৰ সম্ভাৱনা আছে। সময়ত ‍এই বিষয়ে NRC কৰ্তৃপক্ষই জাননী জাৰী কৰিব। গতিকে যিসকলৰ নাম ৩০ জুলাইত প্ৰকাশ নাপায় তেওলোকে এই নিৰ্দিষ্ট ৩০ দিনৰ ভিতৰত নিজৰ নাগৰিকত্ব সমৰ্থনত প্ৰয়োজনীয় নথিপত্র দাখিল কৰিব লাগিব অন্যথা সম্যসাৰ সৃষ্টি হব পাৰে। গতিকে এই ক্ষেত্রত সংখ্যালঘু সমাজে কৰিবলগীয়া কিছু কথা লিখিব বিচাৰিছো ।

NRC ৰ সম্পূৰ্ণ খচৰা

এন আৰ চি

আপুনি বৈধ ভাৰতীয় হোৱাৰ পিছতো যদি এই তালিকাখনত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে আপুনি শংকিত হ’ব নালাগে। তাৰ পৰিবৰ্তে আপুনি আইনে প্ৰদান কৰা সুবিধাসমূহ গ্ৰহণ কৰিবলৈ সচেতন আৰু সাজু থাকক।

এন আৰ চি সম্পূৰ্ণ খচৰা


👉👉👉নাম একে হোৱা বাবে ভুলবশত বেলগৰ লিগেচী ব্যৱহাৰ কৰাত বহু লোকৰ বংশ -বৃক্ষৰ হিয়াৰংত লিগেচী ডাটা বাতিল কৰা হৈছিল তেনে লোকসকলে যাতে অতি সোনকলাে ১৯৭১ চনৰ পূৰ্বৰ তলত দিয়া নথি সমূহ যোগাৰ কৰি থয় ।

  • শুদ্ধ লিগেচী ডাটা
  • ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি
  • মাটি কিনা বেচাৰ দলিল, জমাবন্দী, খাজানা ৰচিদ
  • মাটি আবন্টনৰ নথি
  • স্কুল কলেজৰ প্ৰমাণ পত্র/এডমিট কাৰ্ড 
  • চৰকাৰী চাকৰীৰ নথি
  • পাচপৰ্ট
  • ৰেচন কাৰ্ড
  • আদালতৰ গোচৰৰ নথি
  • যিকোনো চৰকাৰী লাইচে্নচ বা অন্য যিকোনো চৰকাৰী নথিপত্র

Download Link : Click Here To Download :

NRC Claim Form | NRC Objection Form | NRC Correction Form

বহু লোকৰ লিংকেজৰ ক্ষেত্রত সম্যসাৰ সৃষ্টি হৈছে আৰু লগতে শেহতীয়াকৈ কিছু নতুন নিৰ্দেশনাৰ দ্বাৰা শিশুৰ প’লিঅ বা ভেকচিন বেজিৰ কাৰ্ড, ব্যক্তিগত স্কুলৰ প্ৰমাণপত্র বা কাউন্টাৰ চহী নথকা স্কুলৰ প্ৰমাণপত্র , গাওবুৰাই দিয়া প্ৰমাণপত্র , সৰু সুৰা নাম উপাধি ভুলৰ বাবে দিয়া শপতনামা (affidavit ) আদিক দুৰ্বল নথি( weak document) হিচাপে চিহ্নিত কৰা হৈছে।

এন আৰ চি সম্পূৰ্ণ খচৰা 20১৮

গতিকে তেনে নথিপত্র জমা দিয়া সকলে যাতে তাৰ বিকল্প নথি ক্ষীপ্ৰগতিত বাহিৰ কৰি লয়। NRC ৰ আবেদনত উল্লেখ কৰা নাম আৰু জন্মৰ তাৰিখ বা বয়স অনুসাৰে যাতে  – পান কাৰ্ড , আধাৰ কাৰ্ড , জন্মৰ প্ৰমাণ পত্র , মৃত্যুৰ প্ৰমাণপত্র , কাউন্টাৰ চহী থকা বিদ্যালয়ৰ প্ৰমাণপত্র , মাটিৰ প্ৰমাণপত্র , জ্যেষ্ঠ নাগৰিকৰ প্ৰমাণপত্র (senior citizen certificate ) , বিবাহ পন্জীয়ন ৰ প্ৰমাণপত্র , কাবিন নামা , মাটিৰ নথি , BPL/APL কাৰ্ড , LIC বীমা , চৰকাৰী বেংকৰ একাউন্ট , স্বাস্হ্য বিমা যোজনাৰ কাৰ্ড , বিদ্যুতৰ বিল ইত্যাদি যত নিজৰ পিতৃ বা মাতৃৰ নাম উল্লেখ থাকে তেনে নথি উলিয়াই থওক। মনত ৰাখিব যে পিতৃ বা মাতৃৰ ফালৰ নথিপত্র দিও আবেদন কৰিব পাৰিব। ৰাইজ সময়ৰ অপচয় নকৰিব আৰু সোনকালে যাৱতীয় নথিপত্র যোগাৰ কৰি থওক।

অসমীয়া লিপিত টাইপিংৰ কিছু অসুবিধা স্বত্তেও কষ্ট কৰি লিখা হৈছে গতিকে আপোনালেকৰ পৰা এই ক্ষত্রেত ৰাইজক সজাগ কৰিব বুলি আশা কৰিছো। ধন্যবাদ ভাল লাগিলে share কৰিব। কিয়নো সামাজিক দায়বদ্ধতা সকলোৰে আছে।

Declaimer : Please bookmark this page and keep checking, I will update active link for next Complete Draft or 2nd Draft Result. Partdraftnrc.com is not official website of NRC Assam . It is related to NRC Assam . So Please in this site do not share your personal information like your name, phone number & Password . Thank You

Add a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!